মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Medical Education

মেডিকেল কলেজসমূহৰ স্থিতি

শিলচৰ মেডিকেল কলেজ, শিলচৰ

শিলচৰ মেডিকেল কলেজ সমগ্ৰ উত্তৰ-পূৱৰ ভিতৰতে স্বাস্থ্যসেৱাৰ এক অগ্ৰণী প্ৰতিষ্ঠান আৰু ১৯৬৮ চনত প্ৰতিষ্ঠাৰ কালৰে পৰা মণিপুৰ, মিজোৰাম তথা ত্ৰিপুৰাকে ধৰি কাষৰীয়া এলেকাসমূহৰ একমাত্ৰ ৰেফাৰেল হস্পিটেল হিচাপে ই সেৱা আগবঢ়াই আহিছে।

বৰ্তমানে, এমবিবিএছ পাঠ্যক্ৰমৰ বাবে এছ এম চিত আসন সংখ্যা ১০০ খন, স্নাতকোত্তৰ শ্ৰেণীৰ আসন সংখ্যা ৭৫ আৰু পি জি ডিপ্লমা পাঠ্যক্ৰমৰ বাবে আসন সংখ্যা ৭ খন।

এই ১০০ খন আসনৰ বিপৰীতে লাভ কৰা এমবিবিএছ ডিগ্ৰী ভাৰতৰ মেডিকেল কাউন্সিলৰ দ্বাৰা স্বীকৃত হোৱাৰ লগতে মুঠ ১৮ টা বিভাগত, ৮২ খন আসনৰ বিপৰীতে আগবঢ়োৱা বিভিন্ন স্নাতকোত্তৰ পাঠ্যক্ৰম সমূহো ভাৰতীয় মেডিকেল কাউন্সিলৰ স্বীকৃতি প্ৰাপ্ত।

কমিউনিটী মেডিচিন বিষয় বাদ দি বাকী প্ৰায় সকলো বিভাগতে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সুবিধা আৰম্ভ কৰা হৈছে।

 

তেজপুৰ মেডিকেল কলেজ, তেজপুৰ

লক্ষ্য: তেজপুৰ মেডিকেল কলেজ, তেজপুৰক এখন লেখত লৱলগীয়া চিকিৎসা প্ৰতিষ্ঠান হিচাপে গঢ় দিয়া

উদ্দেশ্যসমূহ: সম্ভৱপৰ শ্ৰেষ্ঠতম আৰু কম খৰচী চিকিৎসা সেৱাৰ ব্যৱস্থা
মানসম্পন্ন চিকিৎসা শিক্ষা আৰু গৱেষণা
সমাজক স্বাস্থ্য শিক্ষাৰ ব্যৱস্থা

  • • মহাবিদ্যালয়ৰ বিষয়ে: অসম চৰকাৰে ২১/০৯/২০০৫ তাৰিখৰ HLB 322/2005/pt./48 নিৰ্দেশ যোগে শোণিতপুৰ জিলাৰ তেজপুৰৰ বিহগুৰিত তেজপুৰ মেডিকেল কলেজ নামেৰে এক চৰকাৰী চিকি্সা মহাবিদ্যালয় স্থাপনত অনুমোদন দিয়ে। ৰাজ্যৰ পিছপৰা অঞ্চলৰ লোকৰ স্বাস্থ্যসেৱাৰ সুবিধাৰ্থে স্থাপন কৰা ই এক অভিলাষী প্ৰকল্প।
  • • এছিয়ান ঘাইপথ নং ১৫ৰ কাষত, বিহগুৰি অঞ্চলত থকা মুঠ ৩৬.৮ একৰ (১১০ বিঘা) মাটি এই চৰকাৰী মেডিকেল কলেজৰ ভৱন, হস্পিটেল ভৱন, ছাত্ৰ-ছাত্ৰী নিবাস, চিকিৎসকৰ আৱাসিক গৃহ, নাৰ্ছ/আৱাসী হোষ্টেল, ৩য় আৰু ৪ৰ্থ বৰ্গৰ চাকৰিয়ালৰ আৱাসগৃহ, শৱগৃহ আদি নিৰ্মাণৰ বাবে হস্তান্তৰিত কৰা হয়। এই কলেজৰ নিৰ্মাণকাৰ্য্যসমূহ ২০০৮-০৯ বৰ্ষত আৰম্ভ কৰা হয় আৰু ২০১৩ ৰ শেষৰ পিনে নিৰ্মাণ কাৰ্য্য সম্পন্ন হয়। কলেজৰ নামভৰ্তি আৰম্ভ হয় ২০১৪-১৫ শিক্ষা বৰ্ষৰ পৰা। বৰ্তমানে মহাবিদ্যালয়ত ৩০০ জন শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি আছে, অৰ্থাৎ ২০১৬-১৭ শিক্ষা বৰ্ষত ৩য়টো বেটছৰ বাবে নাম ভৰ্তি সম্পন্ন হয়।স্থাপনৰ ৪ বছৰৰ ভিতৰতে ভাৰতীয় মেডিকেল কাউন্সিলে নিৰ্ধাৰণ কৰা সকলো নীতি-নিৰ্দেশনা আৰু চৰ্তাৱলী পূৰণ কৰিবলৈ সক্ষম হোৱা কলেজখন বৰ্তমান প্ৰায় সুপ্ৰতিষ্ঠিত আৰু শ্ৰীমন্ত শংকৰদেৱ চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত।
  • • তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাৰম্ভিক আনুমানিক স্থাপন ব্যয় আছিল ১৬০ কোটি থকা, যাক পিছত সংশোধন কৰা হয় ২৫০ কোটি টকালৈ আৰু তাৰে ৩৫ কোটি টকা বিভিন্ন যন্ত্ৰ-পাতি আৰু আচবাব ক্ৰয়ৰ বাবে ধাৰ্য্য কৰা হয়।
 

এফএএএমচি, বৰপেটা

 

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ২০০ বিছনাযুক্ত কেন্সাৰ হস্পিটেল