মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Medical Education

ৰাজ্যৰ অধীনৰ অগ্ৰাধিকাৰভিত্তিক উন্নয়ন (SOPD-G)

  • ২০১৬-১৭ আৰু ২০১৭-১৮ৰ বাজেট ঘোষণাৰ অনুসাৰে

    ২০১৬-১৭

    1. জিএমচিএইচ, গুৱাহাটীৰ সতে সংলগ্ন ২০০ খন বিছনাযুক্ত কৰ্কটৰোগৰ চিকিৎসালয় নিৰ্মাণ
    2. পৰ্য্যায়ক্ৰমে, যোৰহাট, তেজপুৰ, শিলচৰ আৰু বৰপেটাৰ চৰকাৰী মেডিকেল কলেজত উচ্চমানৰ সা-সুবিধাসহ কেঞ্চাৰ বিভাগ স্থাপন
    3. জিএমচিএইচত কাৰ্ডিঅ’লজি, কাৰ্ডিঅ’-থৰাচিক চাৰ্জাৰী, নিউৰ’লজি, নিউৰ’চাৰ্জাৰী, ইউৰ’লজি আৰু নেফ্ৰ’লজী –এই ছয়টা বিভাগৰ বাবে চুপাৰ স্পেচিয়েলিটী ব্লকৰ নিৰ্মাণ সম্পূৰ্ণ কৰা আৰু ভাৰত চৰকাৰৰ PMSSY-IIIৰ অধীনত হিমা’ট’লজী, পেডিয়াট্ৰিক চাৰ্জাৰী, গেষ্ট্ৰ’এন্টেৰ’লজি, জি আই চাৰ্জাৰী, এণ্ডক্ৰাইন’লজি আৰু বাৰ্ণ ইউনিট স্থাপনৰ বাবে অন্য এক চুপাৰ স্পেচিয়েলিটী ব্লকৰ নিৰ্মাণ
    4. গুৱাহাটীৰ চাংসাৰীত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ স্থাপন
    5. জিএমচিএইচ আৰু এএমচিএইচৰ বাহিৰে, ৰাজ্যৰ বাকীচাৰিখন কাৰ্য‌‌ক্ষম চিকিৎসা মহাবিদ্যালয়ত সকলো সা-সুবিধাযুক্ত কেথ লেব স্থাপন
    6. বৰ্তমানৰ চাহিদালৈ ল‌য় ৰাখি প্ৰতি দিনে ডায়েলাইছিছৰ প্ৰয়োজন হোৱা ১০০ জন ৰোগীৰ বাবে ডায়েলাইছিছৰ সুবিধা হোৱাকৈ জিএমচিএইচ, গুৱাহাটীত আধুনিক অ’পিডি ডায়েলাইছিছ ইউনিট স্থাপন কৰা হ’ব।
    7. ৰোগীৰ প্ৰয়োজন সাপে‌ক্ষে সেৱা আগবঢ়াব পৰাকৈ জিএমচিএইচ, গুৱাহাটীত অতিৰিক্ত ৫০ খন বিছনাযুক্ত আইচইউ চৌহদ স্থাপন কৰা হ’ব।
    8. হৃদৰোগীৰ বাবে উন্নত মানৰ সেৱা আগবঢ়াব পৰাকৈ, জিএমচিএইচ, গুৱাহাটীৰ হৃদৰোগ বিভাগত ২০ খন বিছনাযুক্ত বিশেষ আইচিচিইউ স্থাপন
    9. অংগ সংৰোপনৰ সুবিধা হোৱাকৈ জি এম চি এইচ, গুৱাহাটীত কাৰ্ডাভাৰ অংগ সংৰোপন কাৰ্যসূচীৰ সূচনা কৰা
    10. দৰিদ্ৰ আৰু অভাৱী ৰোগীৰ বাবে জি এম চি এইচত এক সম্পূৰ্ণ পৰ্য্যায়ৰ সন্তানহীনতা চিকিৎসা কেন্দ্ৰ (ITC) কেন্দ্ৰ স্থাপন
    11. কেন্দ্ৰীয় সাহায্যপ্ৰাপ্ত আঁচনিৰ অধীনত ২০১৬-১৭ত নগাওঁ, ধুবুৰী আৰু উত্তৰ লখিমপুৰত ৩ খন নতুন মেডিকেল কলেজ স্থাপন কৰা
    12. কোকৰাঝাৰত মেডিকেল কলেজ স্থাপন কৰা
    13. ডিফুত মেডিকেল কলেজৰ আৰম্ভ
    14. অসমৰ ফাৰ্মাচী প্ৰতিষ্ঠানসমূহত ফাৰ্মাচী বিষয়ত বি ফাৰ্ম পাঠ্যক্ৰমৰ আৰম্ভণি কৰা
    15. ডিব্ৰুগড় আৰু শিলচৰত নতুন দুখন দন্তচিকিৎসা মহাবিদ্যালয় স্থাপন
    16. অসমৰ চৰকাৰী চিকিৎসকৰ অৱসৰৰ বয়স ৬৫ বছৰলৈ বৃদ্ধি কৰা
    17. তৃতীয় পৰ্যায়ৰ চিকিৎসাসেৱা আগবঢ়োৱা অসমৰ মেডিকেল কলেজ হস্পিটেলৰ চৌহদত ‘অমৃত’ ব্যৱস্থাৰ আৰম্ভণি কৰা

    ২০১৭-১৮

    1. জিএমচিএইচ, গুৱাহাটী সংলগ্ন কেঞ্চাৰ হস্পিটেলত PET-MRI স্থাপন কৰা তথা হস্পিটেলখনক ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰা হ’ব
    2. নলবাৰী আৰু তিনিচুকীয়াত দুখন নতুন মেডিকেল কলেজ স্থাপনা
    3. গুৱাহাটী মেডিকেল কলেজ, গুৱাহাটীত ক্ৰীড়া মেডিছিনৰ এক নতুন বিভাগ স্থাপন কৰা
    4. চৰকাৰী আৰু ব্যক্তিগত খণ্ডত থকা প্ৰশি‌ক্ষণ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ সম্প্ৰসাৰণ আৰু উন্নীতকৰণৰ দ্ৱাৰা পৰ্য্যায়ক্ৰমে ৫০০০ নাৰ্ছ সৃষ্টি