মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Medical Education

বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তি

  • এমবিবিএছ/বিডিএহ/এমডি/এমডিএছ/ডিএম/এম চিএইছ/ডি ফাৰ্ম
    ফাৰ্ম/বিএছছি নাৰ্চিং/এমএছছি নাৰ্ছিং/ডিপ্লমা ইন পেৰামেডিকেল চাইন্সেছ

    এমবিবিএছ

    শিক্ষা প্ৰদান কৰা হয়:

    • অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়
    • গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী
    • শিলচৰ চিকিৎসা মহাবিদ্যালয়, শিলচৰ
    • যোৰহাট চিকিৎসা মহাবিদ্যালয়, যোৰহাট
    • ফখৰুদ্দিন আলী আহমদ চিকিৎসা মহাবিদ্যালয়, বৰপেটা
    • তেজপুৰ চিকিৎসা মহাবিদ্যালয়, তেজপুৰ
     

    শিক্ষা বৰ্ষ আৰম্ভ হয়: প্ৰতি বছৰৰ আগষ্ট মাহত।

    মুঠ আসন সংখ্যা: ৭২৬

    নাম বাছনি: ৰাজ্যিক কোটাৰ ৮৫% আসন এনইইটি-ইউজি (ৰাজ্যিক মেৰিট তালিকা) আৰু ইয়াৰ পাছত কাউন্সেলিং প্ৰক্ৰিয়াৰে ভৰ্তি কৰা হয় আৰু বাকী ১৫% আসন এনইইটি-ইউজি (সৰ্বভাৰতীয় মেৰিট তালিকা)ৰ ভিত্তিত হোৱা সৰ্বভাৰতীয় কাউন্সেলিং প্ৰক্ৰিয়াৰে ভৰ্তি কৰা হয়।

    বিডিএছ:

    শিক্ষাপ্ৰদান কৰা হয়:

    • আঞ্চলিক দন্ত মহাবিদ্যালয়, গুৱাহাটী
     

    শিক্ষাবৰ্ষ আৰম্ভ হয়:প্ৰতি বছৰৰ আগষ্ট মাহত

    আসন সংখ্যা: ৪০

    বাছনি: ৰাজ্যিক কোটাৰ আসনসমূহ এনইইটি-ইউজি (ৰাজ্যিক মেৰিট তালিকা) আৰু ইয়াৰ পাছত কাউন্সেলিং প্ৰক্ৰিয়াৰে ভৰ্তি কৰা হয় আৰু বাকী আসনসমূহ এনইইটি-ইউজি (সৰ্বভাৰতীয় মেৰিট তালিকা)ৰ ভিত্তিত হোৱা সৰ্বভাৰতীয় কাউন্সেলিং প্ৰক্ৰিয়াৰে ভৰ্তি কৰা হয়।উত্তৰ-পূৱ পৰিষদৰ সংৰক্ষিত আসনসমূহ উত্তৰ-পূৱ পৰিষদৰ মুখ্য কাৰ্যালয়, শ্বিলঙৰ মনোনয়ন অনুসৰি ভৰ্তি কৰা হয়।

    এম ডি/এম এছ/ডিপ্লমা:

    শিক্ষা প্ৰদান কৰা হয়:

    • অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়
    • গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী
    • শিলচৰ চিকিৎসা মহাবিদ্যালয়, শিলচৰ
    • যোৰহাট চিকিৎসা মহাবিদ্যালয়, যোৰহাট
     

    শিক্ষাবৰ্ষৰ আৰম্ভণি: প্ৰতি বছৰৰ জুন মাহত

    মুঠ আসন সংখ্যা: ৪৮২

    বাছনি: ৰাজ্যিক কোটাৰ আসনসমূহ প্ৰতি বছৰে হোৱা এনইইটি-পিজি প্ৰৱেশ পৰীক্ষাৰ ফলাফলৰ ভিত্তিত ভৰ্তি কৰা হয়। এম ডি/এম এছ পাঠ্যক্ৰমৰ নামভৰ্তিৰ শেষ তাৰিখ হ'ল ৩০ জুন, যাক এমচিআইৰ নিৰ্দেশানুসৰি অথবা নাম ভৰ্তিসম্পৰ্কীয় মুলতবী হৈ ৰোৱা আইনী বিবাদ আদিৰ ভিত্তিত সলনি কৰিব পৰা যায়।

    এমডিএছ:

    শিক্ষা প্ৰদান কৰা হয়:

    • আঞ্চলিক দন্ত মহাবিদ্যালয়, গুৱাহাটী।
     

    শিক্ষাবৰ্ষৰ আৰম্ভণি: প্ৰতি বছৰৰ জুন মাহত

    আসন সংখ্যা: ১০

    বাছনি: ৰাজ্যিক কোটাৰ আসনসমূহ প্ৰতি বছৰে হোৱা এনইইটি-পিজি প্ৰৱেশ পৰীক্ষাৰ ফলাফলৰ ভিত্তিত আৰু তাৰ পাছত হোৱা কাউন্সেলিঙৰ দ্বাৰা ভৰ্তি কৰা হয়।

    ডি এম/এম ছিএইছ:

    আগবঢ়োৱা হয়:

    • গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী
     

    শিক্ষা বৰ্ষ আৰম্ভ হয়: প্ৰতি বছৰৰ আগষ্ট মাহত।

    মুঠ আসন সংখ্যা: ১৮

    প্ৰতি বছৰে হোৱা এনইইটি-এছএছ প্ৰৱেশ পৰীক্ষাৰ ফলাফলৰ ভিত্তিত আৰু তাৰ পাছত হোৱা কাউন্সেলিঙৰ দ্বাৰা আসনসমূহ ভৰ্তি কৰা হয়।পাঠ্যক্ৰম দুটাত নাম ভৰ্তিৰ শেষ তাৰিখ – ৩০ ছেপ্তেম্বৰ।

    ডি ফাৰ্ম:

    আগবঢ়োৱা হয়:

    • অসম মেডিকেল কলেজ, ডিব্ৰুগড়ৰ সতে সংযুক্ত ফাৰ্মাচী শিক্ষা প্ৰতিষ্ঠান
    • গুৱাহাটী মেডিকেল কলেজ, গুৱাহাটীৰ সতে সংযুক্ত ফাৰ্মাচী শিক্ষা প্ৰতিষ্ঠান
    • শিলচৰ মেডিকেল কলেজ, শিলচৰৰ সতে সংযুক্ত ফাৰ্মাচী শিক্ষা প্ৰতিষ্ঠান
     

    শিক্ষাবৰ্ষ আৰম্ভ হয়: প্ৰতি বছৰৰ আগষ্ট মাহত।

    মুঠ আসন: ২০০

    বাছনি: প্ৰতি বছৰে হোৱা প্ৰৱেশ পৰীক্ষাৰ ফলাফলৰ ভিত্তিত আৰু তাৰ পাছত হোৱা কাউন্সেলিঙৰ দ্বাৰা ৰাজ্যিক কোটাৰ আসনসমূহ ভৰ্তি কৰা হয়।

    বিএছছি নাৰ্চিং:

    আগবঢ়োৱা হয়:

    • আঞ্চলিক নাৰ্চিং মহাবিদ্যালয়, গুৱাহাটী
    • বি এছ ছি নাৰ্চিং কলেজ, ডিব্ৰুগড়
    • বি এছ ছি নাৰ্চিং কলেজ শিলচৰ
     

    শিক্ষাবৰ্ষ আৰম্ভ হয়: প্ৰতি বছৰৰ আগষ্ট মাহত।

    মুঠ আসন: ১৮০

    বাছনি: প্ৰতি বছৰে হোৱা প্ৰৱেশ পৰীক্ষাৰ ফলাফলৰ ভিত্তিত আৰু তাৰ পাছত হোৱা কাউন্সেলিঙৰ দ্বাৰা ৰাজ্যিক কোটাৰ আসনসমূহ ভৰ্তি কৰা হয়। ১৫ খন আসন উত্তৰ-পূৱ কাউন্সিলৰ মনোনীত প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

    এম এছছি নাৰ্চিং:

    আগবঢ়োৱা হয় :

    • আঞ্চলিক নাৰ্চিং কলেজ, গুৱাহাটী
     

    শিক্ষাবৰ্ষ আৰম্ভ হয়: প্ৰতি বছৰৰ ছেপ্তেম্বৰ মাহত।

    মুঠ আসন: ২৫

    বাছনি: প্ৰতি বছৰে হোৱা প্ৰৱেশ পৰীক্ষাৰ ফলাফলৰ ভিত্তিত আৰু তাৰ পাছত হোৱা কাউন্সেলিঙৰ দ্বাৰা ৰাজ্যিক কোটাৰ আসনসমূহ ভৰ্তি কৰা হয়।

    পেৰামেডিকেল চাইন্সেছৰ ডিপ্লমা:

    আগবঢ়োৱা হয়:

    • পেৰামেডিকেল বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটী মেডিকেল কলেজ, গুৱাহাটী
    • পেৰামেডিকেল বিজ্ঞান প্ৰতিষ্ঠান, অসম মেডিকেল কলেজ, ডিব্ৰুগড়
    • পেৰামেডিকেল বিজ্ঞান প্ৰতিষ্ঠান, শিলচৰ মেডিকেল কলেজ, শিলচৰ
    • পেৰামেডিকেল বিজ্ঞান প্ৰতিষ্ঠান, যোৰহাট মেডিকেল কলেজ, যোৰহাট
    • পেৰামেডিকেল বিজ্ঞান প্ৰতিষ্ঠান, ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ, বৰপেটা
     

    শিক্ষাবৰ্ষ আৰম্ভ হয়: প্ৰতি বছৰৰ ছেপ্তেম্বৰ মাহত।

    মুঠ আসন সংখ্যা : ৩৩২

    বাছনি: উচ্চতৰ মাধ্যমিক পৰীক্ষাত পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান আৰু জীৱবিজ্ঞান বিষয়ত পোৱা নম্বৰ অনুসৰি মেধাৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হয়।

    আঞ্চলিক পেৰামেডিকেল আৰু নাৰ্ছিং চাইন্সেছ প্ৰতিষ্ঠান(RIPANS), আইজল/ আঞ্চলিক ফাৰ্মাচিউটিকেল চাইন্স আৰু টেকন'লজী(RIPSAT), আগৰতলাত পেৰামেডিকেল পাঠ্যক্ৰম:

    প্ৰতি বছৰে, বিভিন্ন পেৰামেডিকেল পাঠ্যক্ৰমৰ স্নাতক পৰ্য্যায়ত নামভৰ্তিৰ বাবে ৰাজ্যিক কোটাৰ আসনৰ বিপৰীতে RIPANSৰ বাবে ১৫ জন আৰু RIPSATৰ বাবে ৪ জন প্ৰাৰ্থী বাছনি কৰা হয়। নিৰ্দিষ্ট পাঠ্যক্ৰম অনুসাৰে, উচ্চতৰ মাধ্যমিক পৰীক্ষাত পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান, জীৱবিজ্ঞান, গণিত আৰু ইংৰাজীত পোৱা নম্বৰ অনুসাৰে মেধাৰ ভিত্তিত প্ৰাৰ্থীসকলক বাছনি কৰা হয়।