মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Medical Education

কেন্দ্ৰীয় সাহায্যপ্ৰাপ্ত আঁচনিৰ স্থিতি

উত্তৰ লখিমপুৰত নতুন চিকিৎসা মহাবিদ্যালয়

  • ভাৰত চৰকাৰে ১৯/০২/২০১৪ তাৰিখৰ পত্ৰ নং U.12012/46/2011- MEP-II যোগে, কেন্দ্ৰীয় সাহায্যপ্ৰাপ্ত আঁচনিৰ অধীনত উত্তৰ লখিমপুৰৰ ২০০ খন বিছনাযুক্ত জিলা/ৰেফাৰেল হস্পিটেলখনক নতুন চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰাৰ বাবে অনুমতি প্ৰদান কৰে। ইয়াৰ বাবে অনুমোদিত ধনৰাশিৰ পৰিমাণ ১৮৯ কোটি টকা আৰু ৯০:১০ অনুপাতত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ইয়াৰ বাবে ধন আৱণ্টন কৰিব।
  • লখিমপুৰত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে ৫৫ বিঘা মাটি উপলব্ধ।
  • চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে আৰু ৪৫ বিঘা মাটিৰ প্ৰয়োজন। সেই অনুযায়ী, উত্তৰ লখিমপুৰৰ উপায়ুক্তই ৪৫ বিঘা মাটি জোখ মাখ কৰি চিনাক্ত কৰাৰ লগতে উক্ত মাটি ২০১৬ চনৰ ৫ আগষ্ট তাৰিখে চিকিৎসা শিক্ষা সঞ্চালকক হস্তান্তৰিত কৰে। এই মাটি লখিমপুৰ জিলাত নতুন মেডিকেল কলেজ স্থাপনৰ ববে প্ৰয়োজনীয় চিকিৎসক, শিক্ষাৰ্থী, নাৰ্চ তথা অন্যন্য পেৰামেডিকেল সেৱাৰ কৰ্মচাৰীসকলৰ থাকা-মেলাৰ ব্যৱস্থাৰ বাবে ব্যৱহৃত হ'ব।
  • ১৯৬৪ চনৰ ভূমি অধিগ্ৰহণ আইন অনুসাৰে, ৪৫ বিঘা-১কঠা-১ও লোচা মাটিৰ অধিগ্ৰহন কৰিবৰ বাবে উত্তৰ লখিমপুৰৰ উপায়ুক্তই মুঠ ৭৮৪.৯৩ লাখ টকা মূল্যৰ ভূমি অধিগ্ৰহণ প্ৰস্তাৱ দাখিল কৰে। সেই অনুযায়ী, উক্ত ধনৰাশি ইতিমধ্যে ২০১৭ চনৰ ২৮ মাৰ্চত অসম চৰকাৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বাবে প্ৰয়োজনীয় ভূমি অধিগ্ৰহনৰ বাবদ ক্ষতিপূৰণৰ বাবে দিবপৰাকৈ মোকলাই দিয়ে।
  • ভাৰত চৰকাৰে নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে আৰু ২৭ কোটি টকা মোকলাই দিছে। (২০১৫-১৬ চনত ৭ কোটি টকা আৰু ২০১৬-১৭ চনত ২০ কোটি টকা)
  • মূখ্য অভিযন্তাই(ভৱন) ইতিমধ্যে এক প্ৰস্তাৱযোগে জানিবলৈ দিয়ে যে মুঠ অনুমোদিত ৰাশি ১৮৯ কোটি টকাৰ ১৩৯ কোটি টকা নিৰ্মাণ সম্পৰ্কীয় কামৰ বাবে আৰু ৫০ কোটি টকা যন্ত্ৰ-পাতি ক্ৰয়ৰ বাবে আৱণ্টন কৰা হৈছে। কিন্তু, নিৰ্মাণৰ বাবে অনুমোদন কৰা ধনৰাশি, ভাৰতীয় চিকিৎসা পৰিষদৰ সমূহ নিৰ্দেশাৱলী পালন কৰি নিৰ্মাণ কৰিবলগীয়া আন্তঃগাঁথনিৰ বাবে পৰ্য্যাপ্ত নহয়। মেছাৰ্ছ ভাৰ্গেভ এণ্ড এছ'ছিয়েটছ নামৰ কনচালটেণ্ট প্ৰতিষ্ঠানে দাখিল কৰা ব্যয়ৰ আনুমানিক হিচাপ অনুসৰি ইয়াৰ প্ৰকৃত পৰিমাণ হ'ব ৩১৫.৭১ কোটি টকা।
  • ভাৰত চৰকাৰে ইতিমধ্যেই আচবাব আৰু যন্ত্ৰপাতিৰ বাবে ৫০ কোটি টকাকে ধৰি মুঠ ১৮৯ কোটি টকাৰ প্ৰশাসনিক অনুমোদন, ২৪/১০/২০১৬ তাৰিখৰ পত্ৰ নং HLB .249/2016/557 যোগে প্ৰদান কৰিছে।
  • GMC. 45/2014/14 পত্ৰ যোগে, গড়কাপ্তানি (ভৱন)বিভাগে ২৬/১০/২০১৬ তাৰিখে নিবিদা আহ্বান কৰিছে।
  • নিবিদা অনুসৰি, মেছাৰ্ছ শ্ৰী গৌতম কনষ্ট্ৰাকছন কোম্পানী লিমিটেডে এই কামৰ দায়িত্ব লাভ কৰিছে।
  • ভাৰত চৰকাৰৰ দ্বাৰা বৰ্তমানলৈ মোকলাই দিয়া ধন ২৭ কোটি টকা।(২০১৫-১৬ চনত ৭ কোটি টকা আৰু ২০১৬-১৭ চনত ২০ কোটি টকা)
  • অসম চৰকাৰে এতিয়ালৈ কোনো ধন মোকলোৱা নাই।
  • ২০১৭-১৮ বৰ্ষত বাজেটত ধাৰ্য্য কৰা ৰাশি -৩৩০০ লাখ টকা (কেন্দ্ৰীয় অংশ ৩০০০ লাখ আৰু এছঅপিডি-জি-ৰাজ্যিক অংশ ৩০০ লাখ)
  • ব্যয়ৰ শিতানৰ নাম কেন্দ্ৰীয় সাহায্যপ্ৰাপ্ত আঁচনি আৰু এছঅ'পিডি-এছএছৰ "৪২১০- ক' অন এম এণ্ড পিএইছ- 0৩- এমইটি এণ্ড আৰ ১০৫-এল'পেথি- ৫৬৯৬- উত্তৰ লখিমপুৰত চিকিৎসা মহাবিদ্যালয় স্থাপন- 000-১০- মুখ্য কামসমূহ-৯৯-অন্যান্য"।
  • কামৰ অগ্ৰগতি : পাইল ল'ড টেষ্টৰ কাম চলি আছে
  • পিএফএমএছৰ অধীনত পদ সৃষ্টি আৰু পঞ্জীয়নৰ বাবে প্ৰস্তাৱ দাখিলৰ কাম চলি আছে।
 

ধুবুৰীত নতুন মেডিকেল কলেজ

  • ভাৰত চৰকাৰে, ১৯/২/২০১৪ তাৰিখৰ U.12012/46/2011- MEP-II পত্ৰ যোগে, কেন্দ্ৰীয় সাহায্যপ্ৰাপ্ত আঁচনিৰ অধীনত ২০০ খন বিছনাযুক্ত জিলা/ৰেফাৰেল চিকিৎসালয়ত মেডিকেল কলেজ স্থাপনৰ অনুমোদন প্ৰদান কৰে আৰু ইয়াত বিত্তীয় সাহায্যৰ ধৰণ হ'ব – ৯০:১০।
  • মেডিকেল কলেজ স্থাপনৰ বাবে ধুবুৰীত ৪৮ বিঘা মাটি আছে।
  • মেডিকেল কলেজৰ বাবে আৰু ৬০ বিঘা মাটি অধিগ্ৰহণৰ প্ৰয়োজন হোৱাৰ পৰিপ্ৰেক্ষিতত, ধুবুৰীৰ উপাযুক্তই প্ৰয়োজনানুসাৰে ৬০ বিঘা মাটি চিনাক্ত কৰি উক্ত মাটি অধিগ্ৰহণৰ যাৱতীয় সকলো কাম-কাজ সম্পূৰ্ণ কৰাৰ লগতে সংশ্লিষ্ট মাটিৰ মালিকৰ পৰা ভূমি অধিগ্ৰহণ আইন অনুসাৰে মাটি হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়াও সম্পন্ন কৰে।
  • ইতিমধ্যেই ধুবুৰী অসামৰিক চিকিৎসালয়ৰ নামত চিকিৎসা বিভাগৰ অধীনত থকা ৰাজহ বিভাগৰ সংশ্লিষ্ট মাটিৰ বিপৰীতে ৰাজহ বিভাগৰ পৰা কোনো নিৰ্দেশৰ প্ৰয়োজন নাই। যিহেতু সংশ্লিষ্ট মাটিখিনি ইতিমধ্যেই চিকিৎসা বিভাগৰ বাবে আৱণ্টিত, চিকিৎসা বিভাগেই এইক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিব পাৰিব।
  • ভূমি অধিগ্ৰহণৰ বাবে প্ৰয়োজনীয় ধনৰাশিৰ পৰিমাণ পোনতে ৪,৯৩,৪১,৪৪৬.০০ টকা বুলি হিচাপ কৰা হৈছিল আৰু ধুবুৰীৰ উপায়ুক্তক বৰ্তমানলৈ মোকলাই দিয়া ধনৰ পৰিমাণ ৪,৬০,০০,০০০.০০ টকা
  • ১৯৬৪ চনৰ ভূমি অধিগ্ৰহণ আইন অনুসৰি, ধুবুৰীৰ উপায়ুক্তই ভূমি অধিগ্ৰহনৰ বাবে প্ৰয়োজনীয় বাকী ২০,৪৮,৮০,১৩২ টকাৰ বাবে এক প্ৰস্তাৱ ইতিমধ্যে দাখিল কৰিছে। আৰু সেই অনুসৰি ২০১৭ চনৰ ২৮ মাৰ্চ তাৰিখে অসম চৰকাৰে ধুবুৰী মেডিকেল কলেজ নিৰ্মাণৰ বাবে অধিগ্ৰহন কৰা মাটিৰ বাবদ ক্ষতিপূৰণ হিচাপে আদায় দিবৰ বাবে উক্ত ধনৰাশি মোকলাই দিয়ে।
  • ২০১৫-১৬ আৰু ২০১৬-১৭ চনত ভাৰত চৰকাৰে নতুন মেডিকেল কলেজ স্থাপনৰ বাবে মুঠ ২৭ কোটি টকা মোকলাই দিয়ে।
  • ভাৰত চৰকাৰে ইতিমধ্যেই আচবাব আৰু যন্ত্ৰপাতিৰ বাবে ৫০ কোটি টকাকে ধৰি মুঠ ১৮৯ কোটি টকাৰ প্ৰশাসনিক অনুমোদন, ২৪/১০/২০১৬ তাৰিখৰ পত্ৰ নং HLB .249/2016/556 যোগে প্ৰদান কৰিছে।
  • GMC. 45/2014/14 পত্ৰ যোগে, গড়কাপ্তানি (ভৱন)বিভাগে ২৬/১০/২০১৬ তাৰিখে নিবিদা আহ্বান কৰিছে।
  • ১৫ ফেব্ৰুৱাৰী, ২০১৭ চনৰ GMC 46/2016/83 পত্ৰ যোগে এই কামৰ দায়িত্ব লাভ কৰিছে মেছাৰ্ছ ত্ৰিবেনী অৰিয়েন্টেল (জেভি), ত্ৰিবেনী কমাৰ্ছিয়েল কমপ্লেক্স, জি এছ ৰোড, ভঙাগড়, গুৱাহাটী-৭ নামৰ কোম্পানীয়ে।
  • ভাৰত চৰকাৰৰ দ্বাৰা বৰ্তমানলৈ মোকলাই দিয়া ধন ২৭ কোটি টকা।(২০১৫-১৬ চনত ৭ কোটি টকা আৰু ২০১৬-১৭ চনত ২০ কোটি টকা)
  • অসম চৰকাৰে এতিয়ালৈ কোনো ধন মোকলোৱা নাই।
  • ২০১৭-১৮ বৰ্ষত বাজেটত ধাৰ্য্য কৰা ৰাশি -৩৩০০ লাখ টকা (কেন্দ্ৰীয় অংশ ৩০০০ লাখ আৰু এছঅপিডি-জি-ৰাজ্যিক অংশ ৩০০ লাখ)
  • ব্যয়ৰ শিতানৰ নাম কেন্দ্ৰীয় সাহায্যপ্ৰাপ্ত আঁচনি আৰু এছঅ'পিডি-এছএছৰ "৪২১০- ক' অন এম এণ্ড পিএইছ- 0৩- এমইটি এণ্ড আৰ ১০৫-এল'পেথি- ৫৭০৯- ধুবুৰীত চিকিৎসা মহাবিদ্যালয় স্থাপন- 000-১০- মুখ্য কামসমূহ-৯৯-অন্যান্য"।
  • কামৰ খতিয়ান :- ৮০% ভঙা কাম সম্পূৰ্ণ। পাইল লোড টেষ্ট চলি আছে।
  • পিএফএমএছৰ অধীনত পদ সৃষ্টি আৰু পঞ্জীয়নৰ বাবে প্ৰস্তাৱ দাখিলৰ কাম চলি আছে।
  • স্বাস্থ্য সঞ্চালকালয়ে গড়কাপ্তানি (ভৱন)বিভাগৰ মূখ্য অভিযন্তাক ২০১৭-১৮ বিত্তীয় বৰ্ষত ধনৰাশৰ্ত অনুমোদন দিব পৰাকৈ এক প্ৰস্তাৱ দাখিল কৰিবৰ বাবে ১৫/৫/২০১৭ তাৰিখৰ DME 137/2011/5594 পত্ৰ যোগে অনুৰোধ জনাইছে।
 

নগাঁৱত নতুন মেডিকেল কলেজ স্থাপন

  • ভাৰত চৰকাৰে, ১৯/২/২০১৪ তাৰিখৰ U.12012/46/2011- MEP-II পত্ৰ যোগে, কেন্দ্ৰীয় সাহায্যপ্ৰাপ্ত আঁচনিৰ অধীনত ২০০ খন বিছনাযুক্ত জিলা/ৰেফাৰেল চিকিৎসালয়ত মেডিকেল কলেজ স্থাপনৰ অনুমোদন প্ৰদান কৰে আৰু ইয়াত বিত্তীয় সাহায্যৰ ধৰণ হ'ব – ৯০:১০।
  • নগাঁও মেডিকেল কলেজৰ বাবে উপলব্ধ মাটিৰ পৰিমাণ ১১২ বিঘা (৩৭.০৯ একৰ)
  • প্ৰস্তাৱিত চৌহদত অন্যান্য সকলো সুবিধা উপলব্ধ।
  • নগাঁৱৰ মাহখুলিত ২০০ খন বিছনাযুক্ত অসামৰিক চিকিৎসালয়খন বহুদিন আগেয়েই সম্পূৰ্ণ সাজু হৈছে।
  • ১০০খন বিছনাযুক্ত প্ৰসূতি আৰু শিশু চিকিৎসালয় প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত।
  • আঞ্চলিক ৰোগনিৰ্ণয় (ডায়'গনাষ্টিক) কেন্দ্ৰ
  • ট্ৰ'মা কেন্দ্ৰ
  • মেডিকেল কলেজৰ সম্পূৰ্ণ আঁচনিত সন্নিবিষ্ট কৰিব পৰা অন্যান্য ক্ষুদ্ৰ ক্ষুদ্ৰ বিভাগ আৰু ভৱনসমূহ
  • আৱণ্টিত মাটিত যথোপযুক্ত পৰিমাণে খালী স্থান আছে, য'ত কলেজৰ ভৱন, চিকিৎসালৰ অতিৰিক্ত প্ৰয়োজনীয় বিভাগ আৰু ভৱন তথা আৱাসিক এলেকাসমূহ নিৰ্মাণ কৰিব পৰা যাব।
  • কিছুসংখ্যক নতুন আৱাসিক চৌহদো নিৰ্মাণ কৰি থকা হৈছে।
  • ২০১৫-১৬ আৰু ২০১৬-১৭ বিত্তীয় বৰ্ষত নতুন মেডিকেল কলেজ স্থাপনৰ বাবে ভাৰত চৰকাৰে ২৮ কোটি টকা মোকলাই দিছে।
  • ভাৰত চৰকাৰে ইতিমধ্যেই আচবাব আৰু যন্ত্ৰপাতিৰ বাবে ৫০ কোটি টকাকে ধৰি মুঠ ১৮৯ কোটি টকাৰ প্ৰশাসনিক অনুমোদন, ২৪/১০/২০১৬ তাৰিখৰ পত্ৰ নং HLB .249/2016/556 যোগে প্ৰদান কৰিছে।
  • GMC. 45/2014/14 পত্ৰ যোগে, গড়কাপ্তানি (ভৱন)বিভাগে ২৬/১০/২০১৬ তাৰিখে নিবিদা আহ্বান কৰিছে।
  • ১৫ ফেব্ৰুৱাৰী, ২০১৭ চনৰ GMC 47/2016/83 পত্ৰ যোগে এই কামৰ দায়িত্ব লাভ কৰিছে মেছাৰ্ছ ছাব্ৰা-এছবিপি (জেভি), ০৪ এম অন্তৰা টাৱাৰ, ডানিছ ৰ'ড, পানবজাৰ, গুৱাহাটী-১ – এই কোম্পানীয়ে।
  • বৰ্তমানলৈ ভাৰত চৰকাৰে মোকলাই দিয়া ধনৰ পৰিমাণ ২৮ কোটি টকা (২০১৫-১৬ – ৮ কোটি টকা আৰু ২০১৬-১৮ত ২০ কোটি টকা।)
  • অসম চৰকাৰে এতিয়ালৈ কোনো ধন মোকলাই দিয়া নাই।
  • ২০১৭-১৮ বৰ্ষত বাজেটত ধাৰ্য্য কৰা ৰাশি -৩৩০০ লাখ টকা (কেন্দ্ৰীয় অংশ ৩০০০ লাখ আৰু এছঅপিডি-জি-ৰাজ্যিক অংশ ৩০০ লাখ)
  • কামৰ খতিয়ান :- এলেকাত মাটি পেলাই থকা হৈছে আৰু আৰম্ভণিত পাইল লোড টেষ্টৰ কাম চলি আছে।
  • পিএফএমএছৰ অধীনত পদ সৃষ্টি আৰু পঞ্জীয়নৰ বাবে প্ৰস্তাৱ দাখিলৰ কাম চলি আছে।
 

ডিফুত অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠান

  • ভাৰত চৰকাৰে, ১৯/২/২০১৪ তাৰিখৰ U.12012/46/2011- MEP-II পত্ৰ যোগে, কেন্দ্ৰীয় সাহায্যপ্ৰাপ্ত আঁচনিৰ অধীনত ২০০ খন বিছনাযুক্ত জিলা/ৰেফাৰেল চিকিৎসালয়ত মেডিকেল কলেজ স্থাপনৰ অনুমোদন প্ৰদান কৰে। মুঠ অনুমোদিত ৰাশি ১৮৯ কোটি টকা আৰু ইয়াত বিত্তীয় সাহায্যৰ ধৰণ হ'ব – ৯০:১০।
  • ৰাজ্যিক আঁচনিৰ অধীনত মুঠ ১৯৩ কোটি টকা ব্যয় সাপেক্ষে ২০১২ চনৰে পৰা এএইচএমচি এণ্ড আৰ আই, ডিফুৰ নিৰ্মাণ কাৰ্য্য চলি আছে।
  • অসম চৰকাৰৰ দ্বাৰা ২৪৫.৫০ কোটি টকাৰ সংশোধিত অনুমোদন জাৰি কৰা হৈছে। মুঠ ২৪৫.৫০ কোটিৰ ১৭০.১০ কোটি হ'ল কেন্দ্ৰীয় অংশ আৰু ৭৫.৪০ কোটি আৰু ৰাজ্যিক লায়েবিলিটি সহ বাকী অংশ ৰাজ্যৰ অংশ।
  • মাৰ্চ, ২০১৭ পৰ্য্যন্ত মোকলাই দিয়া পূঁজিৰ পৰিমাণ, কেন্দ্ৰীয় অংশৰ ৪ কোটি টকা আৰু ৰাজ্য অংশৰ ৯২.৫১ কোটি টকা সহ মুঠ ৯৬.৫১ কোটি টকা।
  • ইতিমধ্যে ৮/৭/২০১৬ তাৰিখে চৰকাৰক ৬৩.৫১ কোটি টকাৰ ধন ব্যৱহাৰৰ প্ৰমানপত্ৰ দাখিল কৰা হৈছে।
  • ২০১৬-১৭ বিত্তীয় বৰ্ষত ভাৰত চৰকাৰে অসম পাৰ্বত্য মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠান, ডিফুৰ বাবে মুঠ ৮৩.৯৭ কোটি টকা মোকলাই দিছে।
  • ২০১৬-১৭ চনত কেন্দ্ৰীয় অংশৰ অধীনত মোকলাই দিয়া ধনৰ পৰিমাণ ৪০০.০০ লাখ।
  • ২০১৭-১৮ বৰ্ষৰ বাবে বাজেটত আৱণ্টিত পূজি ২০০০ লাখ টকা (কেন্দ্ৰীয় অংশ ২০০০ লাখ টকা আৰু ৰাজ্যিক অংশ শূণ্য)।
  • ব্যয়ৰ শিতান – কেন্দ্ৰীয় সাহায্য প্ৰাপ্ত আঁচনিৰ অধীনত "২২১০- এম এণ্ড পিএইছ- 0৫- এমইটি এণ্ড আৰ ১০৫-এল'পেথি- ৩৯৫৮- এএইছএমচি এণ্ড আৰআই- 000-৩২- জিআইএ-জেনেৰেল (নন-চেলাৰী)-৯৯-অন্যান্য"
  • কামৰ অগ্ৰগতিৰ পৰিমাণ বৰ্তমানলৈ ৬০%।
  • পদ সৃষ্টিৰ প্ৰস্তাৱ চৰকাৰক পুনৰাই দাখিল কৰা হৈছে আৰু পিএফএমএছৰ অধীনত পঞ্জীয়ন প্ৰক্ৰিয়াৰ কাম চলি আছে।