মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Directorate of Medical Education

চিকিৎসা শিক্ষা সঞ্চালকালয়, অসম

১৯৮৪ চনত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত চিকিৎসা শিক্ষা, প্ৰশিক্ষণ আৰু গৱেষণা সঞ্চালকালয়, অসম স্থাপন কৰা হয়।

ৰাজ্যৰ লগতে সমগ্ৰ উত্তৰ-পূৱ অঞ্চলৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি, চিকিৎসক, নাৰ্চ, টেকনিচিয়ান, ফিজিঅ'থেৰাপিষ্ট, ফাৰ্মাচিষ্ট তথা অন্যান্যা চিকিৎসা সেৱা সতে জড়িত উপযুক্ত মানৱ সম্পদৰ সৃষ্টি আৰু বিকাশৰ দায়িত্ব এই চিকিৎসা সেৱা সঞ্চালকালয়ৰ।

Tসঞ্চালকালয়ৰ অধীনস্থ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানসমূহ হ'ল – অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল, ডিব্ৰুগড়, গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিতেল, গুৱাহাটী, শিলচৰ মেডিকেল কলেজ আৰু হস্পিতেল, শিলচৰ, যোৰহাট মেডিকেল কলেজ আৰু হস্পিতেল, যোৰহাট, ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ আৰু হস্পিতেল, বৰপেটা, আঞ্চলিক দন্ত মহাবিদ্যালয়, গুৱাহাটী, আঞ্চলিক নাৰ্চিং মহাবিদ্যালয়, গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰত থকা দুখন বি এছ ছি নাৰ্চিং মহাবিদ্যালয়, ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়, গুৱাহাটীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তথা শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ সতে সংলগ্ন ৩ খন ফাৰ্মাচী শিক্ষা প্ৰতিষ্ঠান, যোৰহাটস্থ চিকিৎসা প্ৰতিষ্ঠান তথা গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, তেজপুৰ আৰু যোৰহাটত অৱস্থিত ৫ খন পেৰামেডিকেল বিজ্ঞান শিক্ষা প্ৰতিষ্ঠান।

উপৰোক্ত প্ৰতিষ্ঠানসমূহৰ আসন সংখ্যা:
 স্নাতক স্নাতকোত্তৰ ডিএম/এমচিএইচ.
  সংখ্যা সংখ্যা 
চিকিৎসা মহাবিদ্যালয়৭২৬ ৩৮৬ ১৮
আঞ্চলিক দন্ত মহাবিদ্যালয়, গুৱাহাটী৪০ ১০  
গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰৰ নাৰ্চিং কলেজ১৮০    
ফাৰ্মাচী শিক্ষা প্ৰতিষ্ঠান
অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়.
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী.
শিলচৰ চিকিৎসা মহাবিদ্যালয়, শিলচৰ

১০০
৬০
৪০
    
চিকিৎসা প্ৰতিষ্ঠান, যোৰহাট১০০    
এএমচি, ডিব্ৰুগড়, জিমচি, গুৱাহাটী, এছএমচি, শিলচৰ, জে এম চি, যোৰহাট আৰু এফএএএমচি, বৰপেটাৰ সতে সংলগ্ন পাচঁখন পেৰামেডিকেল প্ৰতিষ্ঠান৩০০    

চিকিৎসা তথা পেৰা-মেডিকেল শিক্ষা হ'ল স্বাস্থ্য বিভাগৰ অতিশয় গুৰুত্বপূৰ্ণ বিভাগ। ৰাজ্যৰ লগতে সমগ্ৰ উত্তৰ-পূৱ অঞ্চলৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি, চিকিৎসক, নাৰ্চ, টেকনিচিয়ান, ফিজিঅ'থেৰাপিষ্ট, ফাৰ্মাচিষ্ট তথা অন্যান্যা চিকিৎসা সেৱা সতে জড়িত উপযুক্ত মানৱ সম্পদৰ সৃষ্টি আৰু বিকাশৰ দায়িত্ব এই বিভাগৰ ওপৰত ন্যস্ত কৰা হৈছে। ৰাজ্যৰ বিভিন্ন চিকিৎসালয় তথা মহাবিদ্যালয়ে ৰাজ্য তথা চুবুৰীয়া উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ ৰোগাক্ৰান্ত ৰাইজক সেৱা আগবঢ়াই আহিছে।