২০১৬-১৭ আৰু ২০১৭-১৮ৰ বাজেট ঘোষণাৰ অনুসাৰে
২০১৬-১৭
- জিএমচিএইচ, গুৱাহাটীৰ সতে সংলগ্ন ২০০ খন বিছনাযুক্ত কৰ্কটৰোগৰ চিকিৎসালয় নিৰ্মাণ
- পৰ্য্যায়ক্ৰমে, যোৰহাট, তেজপুৰ, শিলচৰ আৰু বৰপেটাৰ চৰকাৰী মেডিকেল কলেজত উচ্চমানৰ সা-সুবিধাসহ কেঞ্চাৰ বিভাগ স্থাপন
- জিএমচিএইচত কাৰ্ডিঅ’লজি, কাৰ্ডিঅ’-থৰাচিক চাৰ্জাৰী, নিউৰ’লজি, নিউৰ’চাৰ্জাৰী, ইউৰ’লজি আৰু নেফ্ৰ’লজী –এই ছয়টা বিভাগৰ বাবে চুপাৰ স্পেচিয়েলিটী ব্লকৰ নিৰ্মাণ সম্পূৰ্ণ কৰা আৰু ভাৰত চৰকাৰৰ PMSSY-IIIৰ অধীনত হিমা’ট’লজী, পেডিয়াট্ৰিক চাৰ্জাৰী, গেষ্ট্ৰ’এন্টেৰ’লজি, জি আই চাৰ্জাৰী, এণ্ডক্ৰাইন’লজি আৰু বাৰ্ণ ইউনিট স্থাপনৰ বাবে অন্য এক চুপাৰ স্পেচিয়েলিটী ব্লকৰ নিৰ্মাণ
- গুৱাহাটীৰ চাংসাৰীত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ স্থাপন
- জিএমচিএইচ আৰু এএমচিএইচৰ বাহিৰে, ৰাজ্যৰ বাকীচাৰিখন কাৰ্যক্ষম চিকিৎসা মহাবিদ্যালয়ত সকলো সা-সুবিধাযুক্ত কেথ লেব স্থাপন
- বৰ্তমানৰ চাহিদালৈ লয় ৰাখি প্ৰতি দিনে ডায়েলাইছিছৰ প্ৰয়োজন হোৱা ১০০ জন ৰোগীৰ বাবে ডায়েলাইছিছৰ সুবিধা হোৱাকৈ জিএমচিএইচ, গুৱাহাটীত আধুনিক অ’পিডি ডায়েলাইছিছ ইউনিট স্থাপন কৰা হ’ব।
- ৰোগীৰ প্ৰয়োজন সাপেক্ষে সেৱা আগবঢ়াব পৰাকৈ জিএমচিএইচ, গুৱাহাটীত অতিৰিক্ত ৫০ খন বিছনাযুক্ত আইচইউ চৌহদ স্থাপন কৰা হ’ব।
- হৃদৰোগীৰ বাবে উন্নত মানৰ সেৱা আগবঢ়াব পৰাকৈ, জিএমচিএইচ, গুৱাহাটীৰ হৃদৰোগ বিভাগত ২০ খন বিছনাযুক্ত বিশেষ আইচিচিইউ স্থাপন
- অংগ সংৰোপনৰ সুবিধা হোৱাকৈ জি এম চি এইচ, গুৱাহাটীত কাৰ্ডাভাৰ অংগ সংৰোপন কাৰ্যসূচীৰ সূচনা কৰা
- দৰিদ্ৰ আৰু অভাৱী ৰোগীৰ বাবে জি এম চি এইচত এক সম্পূৰ্ণ পৰ্য্যায়ৰ সন্তানহীনতা চিকিৎসা কেন্দ্ৰ (ITC) কেন্দ্ৰ স্থাপন
- কেন্দ্ৰীয় সাহায্যপ্ৰাপ্ত আঁচনিৰ অধীনত ২০১৬-১৭ত নগাওঁ, ধুবুৰী আৰু উত্তৰ লখিমপুৰত ৩ খন নতুন মেডিকেল কলেজ স্থাপন কৰা
- কোকৰাঝাৰত মেডিকেল কলেজ স্থাপন কৰা
- ডিফুত মেডিকেল কলেজৰ আৰম্ভ
- অসমৰ ফাৰ্মাচী প্ৰতিষ্ঠানসমূহত ফাৰ্মাচী বিষয়ত বি ফাৰ্ম পাঠ্যক্ৰমৰ আৰম্ভণি কৰা
- ডিব্ৰুগড় আৰু শিলচৰত নতুন দুখন দন্তচিকিৎসা মহাবিদ্যালয় স্থাপন
- অসমৰ চৰকাৰী চিকিৎসকৰ অৱসৰৰ বয়স ৬৫ বছৰলৈ বৃদ্ধি কৰা
- তৃতীয় পৰ্যায়ৰ চিকিৎসাসেৱা আগবঢ়োৱা অসমৰ মেডিকেল কলেজ হস্পিটেলৰ চৌহদত ‘অমৃত’ ব্যৱস্থাৰ আৰম্ভণি কৰা
২০১৭-১৮
- জিএমচিএইচ, গুৱাহাটী সংলগ্ন কেঞ্চাৰ হস্পিটেলত PET-MRI স্থাপন কৰা তথা হস্পিটেলখনক ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰা হ’ব
- নলবাৰী আৰু তিনিচুকীয়াত দুখন নতুন মেডিকেল কলেজ স্থাপনা
- গুৱাহাটী মেডিকেল কলেজ, গুৱাহাটীত ক্ৰীড়া মেডিছিনৰ এক নতুন বিভাগ স্থাপন কৰা
- চৰকাৰী আৰু ব্যক্তিগত খণ্ডত থকা প্ৰশিক্ষণ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ সম্প্ৰসাৰণ আৰু উন্নীতকৰণৰ দ্ৱাৰা পৰ্য্যায়ক্ৰমে ৫০০০ নাৰ্ছ সৃষ্টি