চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ মূখ্য উদ্দেশ্যসমূহ হ'ল:-
পাঠ্যক্ৰম আগবঢ়োৱা হয় এএমচি, জিএমচি, এছএমচি, জেএমচি আৰু এফএএএমচিত। প্ৰত্যেক বছৰৰ আগষ্ট মাহত শিক্ষাবৰ্ষ আৰম্ভ হয়। মুঠ আসন সংখ্যা ৬২৬। শ্ৰেণী অনুসাৰে আসনৰ সংখ্যা জানিবলৈ ইয়াত ক্লিক কৰক। ৰাজ্যিক কোটাৰ আসনসমূহ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্ৱাৰা আয়োজিত শিক্ষান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত সকল তথা প্ৰতি বছৰে হোৱা প্ৰৱেশ পৰীক্ষাত মেধাৰ ভিত্তিত নিৰ্বাচিত হোৱা প্ৰাৰ্থীসকলৰ পৰা পৰীক্ষাৰ পাছত কাউন্সেলিং কৰি পূৰোৱা হয়। এম.বি.বি.এছ পাঠ্যক্ৰমত নামভৰ্তিৰ শেষ তাৰিখ ৩০ ছেপ্টেম্বৰ। বিভিন্ন মহাবিদ্যালয়ৰ আসন সংখ্যা জানিবলৈ ইয়াত ক্লিক কৰক।
পাঠ্যক্ৰম আগবঢ়োৱা হয় আঞ্চলিক দন্ত মহাবিদ্যালয়, গুৱাহাটীত। প্ৰত্যেক বছৰৰ আগষ্ট মাহত শিক্ষাবৰ্ষ আৰম্ভ হয়। মুঠ আসন সংখ্যা ৪০। শ্ৰেণী অনুসাৰে আসনৰ সংখ্যা জানিবলৈ ইয়াত ক্লিক কৰক। ৰাজ্যিক কোটাৰ আসনসমূহ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্ৱাৰা আয়োজিত শিক্ষান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত আগ্ৰহী সকল তথা প্ৰতি বছৰে হোৱা প্ৰৱেশ পৰীক্ষাত মেধাৰ ভিত্তিত নিৰ্বাচিত হোৱা প্ৰাৰ্থীসকলৰ পৰা পৰীক্ষাৰ পাছত কাউন্সেলিং কৰি পূৰোৱা হয়। বি.ডি.এছ পাঠ্যক্ৰমত নামভৰ্তিৰ শেষ তাৰিখ ৩০ ছেপ্টেম্বৰ। ইয়াত ক্লিক কৰক।
পাঠ্যক্ৰম আগবঢ়োৱা হয় এএমচি, জিএমচি আৰু এছএমচিত। প্ৰত্যেক বছৰৰ জুন মাহত শিক্ষাবৰ্ষ আৰম্ভ হয়। মুঠ আসন সংখ্যা ৩৮৫। শ্ৰেণী অনুসাৰে আসনৰ সংখ্যা জানিবলৈ ইয়াত ক্লিক কৰক. প্ৰতি বছৰে হোৱা প্ৰৱেশ পৰীক্ষাত মেধাৰ ভিত্তিত ৰাজ্যিক কোটাৰ আসনসমূহ পূৰোৱা হয়। নামভৰ্তিৰ শেষ তাৰিখ ৩০ জুন যদিও মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াৰ নিৰ্দেশনা অথবা নাম ভৰ্তি সম্পৰ্কীয় মূলতবী হৈ থকা আইনী বিবাদ আদিৰ বাবে এই তাৰিখ সলনি হ'বও পাৰে। এমডি/এমএছ পাঠ্যক্ৰমৰ বিভিন্ন মাহাবিদ্যালয়ত থকা বিভিন্ন বিভাগত আসন সংখ্যাৰ বাবে ইয়াত ক্লিক কৰক
পাঠ্যক্ৰম আগবঢ়োৱা হয় আঞ্চলিক দন্ত মহাবিদ্যালয়, গুৱাহাটীত। প্ৰত্যেক বছৰৰ আগষ্ট মাহত শিক্ষাবৰ্ষ আৰম্ভ হয়। মুঠ আসন সংখ্যা ১০। শ্ৰেণী অনুসাৰে আসনৰ সংখ্যা জানিবলৈ ইয়াত ক্লিক কৰক.ৰাজ্যিক কোটাৰ আসনসমূহ প্ৰতি বছৰে হোৱা প্ৰৱেশ পৰীক্ষাৰ মেধা আৰু পৰৱৰ্তী কাউন্সেলিঙৰ ভিত্তিত পূৰণ কৰা হয়। বিভিন্ন স্পেচিয়েলিটীৰ অধীনত এমডিএছ পাঠ্যক্ৰমত আসন সংখ্যাৰ বিষয়ে জানিবলৈ, ইয়াত ক্লিক কৰক
বিভিন্ন চুপাৰ ষ্পেচিয়েলিটীৰ পাঠ্যক্ৰম জিএমচিএইচত আগবঢ়োৱা হয়। শিক্ষাবৰ্ষ আৰম্ভ হয় প্ৰতি বছৰৰ আগষ্টত। মুঠ আসন ১৬ খন। আসনসমূহ প্ৰতি বছৰে হোৱা প্ৰৱেশ পৰীক্ষাৰ মেধা আৰু পৰৱৰ্তী কাউন্সেলিঙৰ ভিত্তিত পূৰণ কৰা হয়। নাম ভৰ্তিৰ শেষ দিন ৩০ ছেপ্তেম্বৰ। ডি.এম./এম.চিএইচ পাঠ্যক্ৰমত বিভিন্ন চুপাৰ্ স্পেচিয়েলিটীৰ অধীনস্থ আসন সংখ্যা জনৈবলৈ ইয়াত ক্লিক কৰক
এএমচি, জিএমচি আৰু এছএমচিৰ সতে সংলগ্ন ফাৰ্মাচী প্ৰতিষ্ঠানত পাঠ্যক্ৰম আগবঢ়োৱা হয়। শিক্ষাবৰ্ষ আৰম্ভ হয় প্ৰতি বছৰৰ আগষ্টত। মুঠ আসন ২০০ খন। শ্ৰেণী অনুসাৰে আসনৰ সংখ্যা জানিবলৈ ইয়াত ক্লিক কৰক. ৰাজ্যিক কোটাৰ আসনসমূহ প্ৰতি বছৰে হোৱা প্ৰৱেশ পৰীক্ষাৰ মেধা আৰু পৰৱৰ্তী কাউন্সেলিঙৰ ভিত্তিত পূৰণ কৰা হয়। বিভিন্ন স্পেচিয়েলিটীৰ অধীনত ডি ফাৰ্ম পাঠ্যক্ৰমত আসন সংখ্যাৰ বিষয়ে জানিবলৈ, ইয়াত ক্লিক কৰক.
পাঠ্যক্ৰম আগবঢ়োৱা হয় আঞ্চলিক নাৰ্ছিং কলেজ, গুৱাহাটী, বি.এছ.ছি. নাৰ্ছিং কলেজ, ডিব্ৰুগড় আৰু বি.এছ.ছি নাৰ্ছিং কলেজ, শিলচৰত। শিক্ষাবৰ্ষ আৰম্ভ হয় প্ৰতি বছৰৰ আগষ্টত। মুঠ আসন ১৮০ খন। শ্ৰেণী অনুসাৰে আসনৰ সংখ্যা জানিবলৈ ইয়াত ক্লিক কৰক .Staৰাজ্যিক কোটাৰ আসনসমূহ প্ৰতি বছৰে হোৱা প্ৰৱেশ পৰীক্ষাৰ মেধা আৰু পৰৱৰ্তী কাউন্সেলিঙৰ ভিত্তিত পূৰণ কৰা হয়। বিভিন্ন স্পেচিয়েলিটীৰ অধীনত বিএছছি নাৰ্ছিং পাঠ্যক্ৰমত আসন সংখ্যাৰ বিষয়ে জানিবলৈ, ইয়াত ক্লিক কৰক
পাঠ্যক্ৰম আগবঢ়োৱা হয় আঞ্চলিক নাৰ্ছিং কলেজ, গুৱাহাটীত। শিক্ষাবৰ্ষ আৰম্ভ হয় প্ৰতি বছৰৰ ছেপ্তেম্বৰত। মুঠ আসন ২৫ খন। শ্ৰেণী অনুসাৰে আসনৰ সংখ্যা জানিবলৈ ইয়াতক্লিক কৰক.ৰাজ্যিক কোটাৰ আসনসমূহ প্ৰতি বছৰে হোৱা প্ৰৱেশ পৰীক্ষাৰ মেধা আৰু পৰৱৰ্তী কাউন্সেলিঙৰ ভিত্তিত পূৰণ কৰা হয়। বিভিন্ন স্পেচিয়েলিটীৰ অধীনত এমএছছি নাৰ্ছিং পাঠ্যক্ৰমত আসন সংখ্যাৰ বিষয়ে জানিবলৈ, ইয়াতক্লিক কৰক
পাঠ্যক্ৰম আগবঢ়োৱা হয় মেডিকেল ইনষ্টিটিউট, যোৰহাটত। শিক্ষাবৰ্ষ আৰম্ভ হয় প্ৰতি বছৰৰ ছেপ্তেম্বৰত। মুঠ আসন ১০০ খন আৰু ইয়াৰে কেওখন ভৰ্তি কৰা হয় উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত পদাৰ্থবিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞান বিষয়ত পোৱা নম্বৰৰ ওপৰত নিৰ্ভৰ কৰি মেধাৰ ভিত্তিত, কেৱল অসমৰ প্ৰাৰ্থীৰ পৰা। জিলা আৰু শ্ৰেণীভিত্তিক আসনৰ বিতৰণৰ বিষয়ে জানিবলৈ, ইয়াতক্লিক কৰক
পাঠ্যক্ৰম আগবঢ়োৱা হয় এএমচি, জিএমচি, এছএমচি, জেএমচি আৰু এফএএএমচি সংলগ্ন পেৰামেডিকেল প্ৰতিষ্ঠানত। প্ৰতি বছৰৰ ছেপ্তেম্বৰ মাহত শিক্ষাবৰ্ষ আৰম্ভ হয়। মুঠ আসন ৩৩২ খন আৰু ইয়াৰে কেওখন ভৰ্তি কৰা হয় উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত পদাৰ্থবিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞান বিষয়ত পোৱা নম্বৰৰ ওপৰত নিৰ্ভৰ কৰি মেধাৰ ভিত্তিত। শ্ৰেণীভিত্তিক আসন সংখ্যা আৰু বিভিন্ন কলেজৰ পেৰামেডিকেল পাঠ্যক্ৰমত আসন সংখ্যা জানিবৰ বাবে ইয়াত ক্লিক কৰক
প্ৰতি বছৰে, বিভিন্ন পেৰামেডিকেল পাঠ্যক্ৰমৰ স্নাতক পৰ্য্যায়ত নামভৰ্তিৰ বাবে ৰাজ্যিক কোটাৰ আসনৰ বিপৰীতে RIPANSৰ বাবে ১৫ জন আৰু RIPSATৰ বাবে ৪ জন প্ৰাৰ্থী বাছনি কৰা হয়। নিৰ্দিষ্ট পাঠ্যক্ৰম অনুসাৰে, উচ্চতৰ মাধ্যমিক পৰীক্ষাত পদাৰ্থবিজ্ঞান, ৰসায়নবিজ্ঞান, জীৱবিজ্ঞান, গণিত আৰু ইংৰাজীত পোৱা নম্বৰ অনুসাৰে মেধাৰ ভিত্তিত প্ৰাৰ্থীসকলক বাছনি কৰা হয়। বিভিন্ন পাঠ্যক্ৰমৰ আসন সংখ্যাৰ বাবে ইয়াত ক্লিক কৰক
ক্ৰ নং | মুখ্য সেৱাসমূহ | সেৱাৰ নিৰ্দিষ্ট সময়/মান |
---|---|---|
১. | শৈক্ষিক কাৰ্যসূচী | সকলো কৰ্মদিনত পুৱা ৮-০০ বজাৰ পৰ আবেলি ৪-০০ বজালৈ |
২. | শিক্ষাদান (ক্লিনিকেল আৰু নন-ক্লিনিকেল) | শ্ৰেণীসমূহ শ্ৰীমন্ত শংকৰদেৱ স্ৱাস্থ্য বিজ্ঞান বিশ্ৱবিদ্যালয়ৰ নিয়মানুসৰি হয়। |
৩. | স্ৱাস্থ্য শিক্ষা গোট | প্ৰত্যেক চিকিৎসা মহাবিদ্যালয়তে এটাকৈ চিকিৎসা শিক্ষা গোট আছে। |
৪. | স্নাতক প্ৰশিক্ষণ | মেডিকেল কাউন্সিল অৱ ইণ্ডীয়াৰ নিয়মানুসৰি থিয়ৰি আৰু ব্যৱহাৰিক শ্ৰেণীবোৰ হয়। পৰীক্ষা, আভ্যন্তৰীণ মূল্যায়ণ তথা বিশ্ববিদ্যালয়ৰ পৰীক্ষা বোৰ শ্ৰীমন্ত শংকৰদেৱ স্ৱাস্থ্য বিজ্ঞান বিশ্ৱবিদ্যালয়ৰ নিয়মানুসৰি হয়। |
৫. | স্নাতকোত্তৰ প্ৰশিক্ষণ | স্নাতকোত্তৰ পাঠদান, ক্লিনিকেল পষ্টিং, থিয়ৰী আৰু প্ৰেক্টিকেল, আলোচনা চক্ৰ আৰু জাৰ্ণেল ক্লাৱ আদিবিলাক মেডিকেল কাউন্সিল অৱ ইণ্ডীয়াৰ নিয়মানুযায়ী আৰু শ্ৰীমন্ত শংকৰদেৱ স্ৱাস্থ্য বিজ্ঞান বিশ্ৱবিদ্যালয়ৰ নিৰ্দেশনানুসাৰে হয়। |
৬. | ধাৰাবাহিক মূল্যায়ন আৰু পৰ্যবেক্ষণ (CME) আয়োজন | শ্ৰীমন্ত শংকৰদেৱ স্ৱাস্থ্য বিজ্ঞান বিশ্ৱবিদ্যালয়ৰ দ্ৱাৰা দিয়া কাৰ্য্যক্ৰমণিকা অনুসাৰে পষ্ট গ্ৰেজুৱেট আৰু শিক্ষক সকলৰ নিয়মীয়া পৰ্যবেক্ষণ আৰু মূল্যায়ন কৰা হয়। |
অসম চৰকাৰৰ দ্ৱাৰা, চিকিৎসা শিক্ষা সঞ্চালকক সভাপতি হিচাপে লৈ গঠন কৰা সমিতি এখনে এই বিষয়ত অনুমোদন দিয়ে।
১ | পাঠ্যক্ৰমৰ পাছত গ্ৰাম্যাঞ্চলত বাধ্যতামূলক পষ্টিং | এমবিবিএছ পাঠ্যক্ৰম সমাপ্ত কৰি উঠাৰ পাছত সকলো শিক্ষাৰ্থীয়ে ১ বছৰৰ বাবে গ্ৰাম্যাঞ্চলত বাধ্যতামূলক সেৱা আগাবঢ়াব লাগিব বা ৫ বছৰ ৰাজ্যিক চিকিৎসা সেৱাৰ অধীনত কাম কৰিব লাগিব। |
২ | স্নাতকোত্তৰ ডিপ্লমা/ডিগ্ৰী শিক্ষাৰ্থীৰ বাবে আৱাসিক বিশেষজ্ঞ সেৱা | অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী বা ডিপ্লমা শিক্ষা লোৱা সকলো চিকিৎসকেই নিজা পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পাছত দ্বিতীয় আৰু তৃতীয় স্তৰৰ চিকিৎসা সেৱা আগবঢ়োৱা চৰকাৰী চিকিৎসালয়ত এবছৰৰ বাবে কাম কৰিব লাগিব। |
আপত্তি গ্ৰহণ কাৰী বিষয়াৰ নাম আৰু সৱিশেষ | আপত্তি দৰ্শাবৰ বাবে হেল্পলাইন নং |
---|---|
বিশেষ দায়িত্ৱপ্ৰাপ্ত বিষয়া | ০৩৬১-২৩৬৬২৩৬ |