I am now accessing as a :

Government Of Assam Health & Family Welfare Directorate of Medical Education

তৃতীয় পৰ্য্যায়ৰ স্বাস্থ্যসেৱা ব্যৱস্থা

 

ক) সঞ্চালকালয়ৰ অধীনস্থ তৃতীয় পৰ্য্যায়ৰ চিকিৎসালয় তথা শিক্ষণ চিকিৎসালয় সমূহত তৃতীয় পৰ্য্যায়ৰ স্বাস্থ্যসেৱাৰ সুবিধা আগবঢ়োৱা হয়। এই চিকিৎসালয়সমূহত আগবঢ়োৱা সেৱা সম্পৰ্কে জানিবৰ বাবে তলত দিয়া সূত্ৰত ক্লিক কৰক :

  1. গুৱাহাটী মেডিকেল কলেজ
  2. অসম মেডিকেল কলেজ
  3. শিলচৰ মেডিকেল কলেজ
  4. যোৰহাট মেডিকেল কলেজ
  5. ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ
  6. তেজপুৰ মেডিকেল কলেজ, তেজপুৰ
  7. মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় (জিএমচিএইচৰ সংলগ্ন চিকিৎসালয়), গুৱাহাটী
  8. ২০০ খন বিছনাযুক্ত কেঞ্চাৰ হস্পিটেল, জিএমচিএইচ, গুৱাহাটী

খ) মেডিকেল কলেজৰ জৰিয়তে স্নাতক, স্নাতকোত্তৰ আৰু চুপাৰ স্পেছিয়েলিটী স্নাতকোত্তৰ শি‌‌‌ক্ষাৰ্থীৰ বাবে চিকিৎসা শি‌ক্ষা

ক্ৰং নংমূল সেৱাসেৱাৰ মান
১.পাঠ্যসূচীসকলো কৰ্মদিনত পুৱা ৮ বজাৰ পৰা আবেলি ৪ বজালৈ
২.শিক্ষণ (ক্লিনিকেল আৰু নন-ক্লিনিকেল)শ্ৰীমন্ত শংকৰদেৱ স্ৱাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়, গুৱাহাটীৰ নিয়মানুসৰি শ্ৰেণীসমূহ অনুষ্ঠিত হয়।
৩.চিকিৎসা শিক্ষা গোটপ্ৰত্যেক চিকিৎসা মহাবিদ্যালয়তে একোটা চিকিৎসা শিক্ষা গোট আছে।
৪.স্নাতক শি‌ক্ষামেডিকেল কাউন্সিল অৱ ইণ্ডিয়াৰ নিয়মানুযায়ী নিয়মীয়াকৈ থিয়ৰী আৰু ব্যৱহাৰিক শ্ৰেণীসমূহ  অনুষ্ঠিত হয়। শ্ৰীমন্ত শংকৰদেৱ স্ৱাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়, গুৱাহাটীৰ শিক্ষাপঞ্জী অনুসৰি পৰীক্ষা, আভ্যন্তৰীণ মূল্যায়ন আৰু বিশ্ববিদ্যালয়ৰ পৰীক্ষা সমূহ অনুষ্ঠিত হয়।
৫.স্নাতকোত্তৰ শি‌ক্ষণশ্ৰীমন্ত শংকৰদেৱ স্ৱাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়, গুৱাহাটীৰ নিয়মানুসৰি আৰু মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াৰ নিৰ্দেশানুযায়ী স্নাতকোত্তৰ শিক্ষাদান, ক্লিনিকেল পষ্টিং, থিয়ৰী আৰু ব্যৱহাৰিক শ্ৰেণী, চেমিনাৰ, জাৰ্ণেল ক্লাৱ আদি  অনুষ্ঠিত হয়।
৬. CME অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়াশ্ৰীমন্ত শংকৰদেৱ স্ৱাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়, গুৱাহাটীৰ শিক্ষাপঞ্জী অনুসৰি স্নাতকোত্তৰ আৰু শি‌‌ক্ষকসকলৰ বাবে নিয়মীয়াকৈ CME অনুষ্ঠিত কৰা হয়।

গ) অংগ সংৰোপনৰ অনুমোদন:-

এই অনুমোদন প্ৰদান কৰিব স্বাস্থ্য শিক্ষা সঞ্চালকক অধ্যক্ষ হিচাপে লৈ অসম চৰকাৰে গঠন কৰি দিয়া এখন সমিতিয়ে।

ঘ) এমবিবিএছ পাঠ্যক্ৰম/ ৰেছিডেণ্ট স্পেচিয়েলিষ্ট সেৱা সম্পূৰ্ণ কৰাৰ পাছত পষ্ট পিজি ডিপ্লমা/ডিগ্ৰীৰ শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক গ্ৰাম্য পষ্টিং

পাঠ্যক্ৰমৰ পাছত গ্ৰাম্যাঞ্চলত বাধ্যতামূলক পষ্টিংএমবিবিএছ পাঠ্যক্ৰম সমাপ্ত কৰি উঠাৰ পাছত সকলো শিক্ষাৰ্থীয়ে ১ বছৰৰ বাবে গ্ৰাম্যাঞ্চলত বাধ্যতামূলক সেৱা আগাবঢ়াব লাগিব বা ৫ বছৰ ৰাজ্যিক চিকিৎসা সেৱাৰ অধীনত কাম কৰিব লাগিব।
স্নাতকোত্তৰ ডিপ্লমা/ডিগ্ৰী শিক্ষাৰ্থীৰ বাবে আৱাসিক বিশেষজ্ঞ সেৱাঅসমৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী বা ডিপ্লমা শিক্ষা লোৱা সকলো চিকিৎসকেই নিজা পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পাছত দ্বিতীয় আৰু তৃতীয় স্তৰৰ চিকিৎসা সেৱা আগবঢ়োৱা চৰকাৰী চিকিৎসালয়ত এবছৰৰ বাবে কাম কৰিব লাগিব।

ঙ) পাছপৰ্ট আৰু বিদেশ ভ্ৰমণৰ বাবে আপত্তিহীনতাৰ প্ৰমাণপত্ৰ বা এন অ' চি

(ক) পাছপৰ্টৰ বাবে এন অ' চি

দাখিল কৰা আবেদন পত্ৰ পৰী‌ক্ষণৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এখন সমিতি আছে আৰু সমিতিয়ে পৰীক্ষা কৰাৰ পাছত আবেদন পত্ৰসমূহ চৰকাৰলৈ প্ৰেৰণ কৰা হয়।

(খ) বিদেশ ভ্ৰমণৰ অনুমতি

আবেদনকাৰীয়ে প্ৰয়োজনীয় সকলো নথিসহ আবেদন চিকিৎসা শিক্ষা সঞ্চালকলৈ প্ৰেৰণ কৰিব লাগিব। চিকিৎসা শিক্ষা সঞ্চালকৰ কাৰ্য্যালয়ৰ পৰীক্ষণৰ পাছত, সেই আবেদন চৰকাৰলৈ প্ৰেৰণ কৰা হয়।

চ) আপত্তি সমাধান প্ৰক্ৰিয়া

আপত্তি নিস্পত্তিকৰণ বিষয়াৰ নাম আৰু যোগাযোগৰ সৱিশেষআপত্তি জনাবৰ বাবে হেল্পলাইন নম্বৰ
বিশেষ দায়িত্ৱত থকা বিষয়া ০৩৬১-২৩৬৬২৩৬